stricture
投放时间: 2025-01-04 08:00:00
ডাক্তৰৰ দিনলিপি : ৪
আজি আন এক ৰোমাঞ্চকৰ অভিজ্ঞতাৰ বিষয়ে ক’ম। কালি কিডনী হস্পিটেল, সোণাপুৰ, গুৱাহাটীত এটি ১ বছৰ ৬ মাহৰ শিশুৰ জীৱনত নৱ জীৱনৰ বতৰা আনিবলৈ মোৰ দল আৰু মই সক্ষম হ’লোঁ। শিশুটিয়ে Posterior Urethral Valve (PUV) Stricture নামৰ এক জটিল সমস্যাৰ সৈতে জন্মগ্ৰহণ কৰিছিল। এই সমস্যাটো কেৱল পুৰুষ শিশুবোৰত দেখা যায় আৰু এই সমস্যাত শিশুটিৰ মূত্রনলীত (Urethra) এক অস্বাভাৱিক বাধা (Obstruction) থাকে, যিয়ে প্ৰস্ৰাৱ নিঃসৰণত বাধাৰ সৃষ্টি কৰে। ইয়াৰ ফলত মূত্রথলীত (Urinary Bladder) চাপ বৃদ্ধি পায় আৰু মূত্র কিডনীলৈ উভতি যায়, যাৰ ফলত কিডনী আৰু মূত্রথলীৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে।
শিশুটিৰ অভিভাৱকে চিকিৎসাৰ বাবে দেশৰ বহু প্ৰান্ত ঘূৰি ফুৰিও ক’তো সুফল নাপাই শেষত আমাৰ হস্পিটেলত আহি উপস্থিত হৈছিল। অপাৰেশ্যনৰ দিনটো সদায় মোৰ মনত থাকিব। শিশুটিৰ সৰু শৰীৰটো, আশাভৰা অভিভাৱকৰ চকু, আৰু আমাৰ দায়িত্ববোধৰ অনুভৱ।
দেশৰ আটাইতকৈ উন্নত তথা বিশ্বৰ আধুনিকতম লেজাৰ প্ৰযুক্তিৰ ব্যৱহাৰ কৰি শিশুটিক সফলভাৱে চিকিৎসা কৰিলোঁ। এই লেজাৰে অতি সূক্ষ্মতা আৰু নিৰাপত্তাৰে কাৰ্য সম্পন্ন কৰে, যাৰ ফলত ৰক্তপাতৰ পৰিমাণ কম আৰু ৰোগীৰ সোনকালে সুস্থ হোৱাৰ নিশ্চয়তা থাকে। অপাৰেশ্যনৰ অন্তত দেৱতুল্য শিশুটিয়ে প্ৰথমবাৰৰ বাবে স্বাভাৱিকভাৱে প্ৰস্ৰাৱ কৰিলে। সেই ক্ষণত অভিভাৱকৰ চকুৰ আনন্দৰ চকুপানী দেখি মোৰ হৃদয় অশ্ৰু সিক্ত হ’ল।
ময়ো পিতৃ। সেইবাবেই হয়তো, শিশুটিৰ জীৱনৰ এই অসাধাৰণ মুহূৰ্তক দেখিবলৈ পোৱা মোৰ বাবে এক বিশেষ অনুভূতিৰ কথা। এটা নতুন জীৱনৰ সূচনা হ’ল, আৰু সেই জীৱনৰ সুৰৰ সৃষ্টিত আমি একেটি নোট সংযোজন কৰিব পাৰিলোঁ। চিকিৎসা বিজ্ঞানৰ অলৌকিকতাৰ এই অভিজ্ঞতাই মোৰ বিশ্বাস পুনৰ দৃঢ় কৰিলে—আশা, কৰ্মদক্ষতা আৰু প্ৰযুক্তি একেলগে থাকিলে জীৱনত সকলো সম্ভৱ।
মোৰ দলৰ প্ৰতিজন চিকিৎসক, নাৰ্ছ আৰু কৰ্মচাৰী— এই সফলতাত আপোনালোকৰ সহায় আৰু সহযোগিতা সদায় মোৰ মনত থাকিব। শিশুটিৰ অভিভাৱকসকলৰ ধৈৰ্য আৰু বিশ্বাসৰ বাবেও মোৰ অন্তৰখন কৃতজ্ঞ।
搜索关键词 Kidney Hospital, Sonapur, PUV Stricture, Laser Treatment, Child Healthcare, Guwahati Hospital, Pediatric Urology, Advanced Medical Technology, Saving Lives, Experienced Doctors优势 Advanced laser technology,Minimally invasive procedure,Successful treatment of a rare condition,Experienced medical team
展示估值
204357
热度
17377
最新发现时间
2025-01-04 08:00:00
投放天数
210
素材信息
素材类型
素材尺寸
主页ID8289873642117802993
主页名字Dr. Arup Kumar Nath
适用范围
人民币汇率走势
CNY
关注我们

新媒网跨境发布
本站原创内容版权归作者及NMedia共同所有,未经许可,禁止以任何形式转载。